Bible 2 India Mobile
[VER] : [ASSAMESE]     [PL]  [PB] 
 <<  Job 12 >> 

1পাছে ইয়োবে পুনৰায় উত্তৰ কৰি কলে,

2হয় হয়, তোমালোকেইহে মানুহ; মৰিলে জ্ঞান তোমালোকৰ লগতে যাব।

3কিন্তু তোমালোকৰ নিচিনা মোৰো বুদ্ধি আছে; তোমালোকতকৈ মই নিকৃষ্ট নহওঁ; এনেবোৰ কথা কোনে নাজানে?

4ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰি উত্তৰ পোৱা যি মই, ময়েই বন্ধুৰ হাঁহিয়াতৰ পাত্ৰ হৈছো; ধাৰ্ম্মিক সিদ্ধ পুৰুষ জন হাঁহিয়াতৰ পাত্ৰ হৈছে।

5নিৰাপদে থকা লোকৰ মনত বিপদ অপমানৰ বিষয়; পিছল খাই পৰিব লগীয়াবিলাকলৈ সেয়ে বাট চায় থাকে।

6ডকাইতবোৰৰ তম্বু কুশলে থাকে; যাৰ হাতত ঈশ্বৰে অধিক ধন সম্পত্তি শোধাই দিছে, ঈশ্বৰৰ বিৰক্ত জন্মাৱা এনেবোৰ লোক নিৰ্ব্বিঘ্নে থাকে।

7কিন্তু পশুবোৰক সোধাচোন, সেইবোৰে তোমাক কি দিব; আৰু আকাশৰ পক্ষীবোৰক সোধা, সেইবোৰেও তোমাক কৈ দিব।

8নাইবা পৃথিবীকো সোধাচোন, সিও তোমাক শিক্ষা দিব; আৰু সমুদ্ৰৰ মাছবোৰেও তোমাক কব।

9এই সকলোৰে দ্ধাৰাই কোনে নাজানে যে, যিহোৱাৰ হাতে সেইদৰে কৰে?

10তেওঁৰেই হাতত সকলো জীৱজন্তুৰ প্ৰাণ, আৰু সমুদায় মনুষ্য জাতিৰ জীৱাত্মা আছে।

11জিবাই যেনেকৈ আহাৰৰ আস্বাদ পায়, তেনেকৈ কাণে জানো কথাৰ পৰীক্ষা নকৰে?

12প্ৰাচীনবিলাকৰ মাজত জ্ঞান আছে, দীৰ্ঘ আয়ুসত বুদ্ধি থাকে।

13জ্ঞান আৰু পৰাক্ৰম তেওঁৰ তাত্হে আছে; পৰামৰ্শ আৰু বুদ্ধি তেওঁৰহে।

14চোৱা তেওঁ ভাঙি পেলালে পুনৰায় তাক সজা নাজায়; তেওঁ মানুহক বন্ধ কৰিলে তাক মুকলি কৰা নাযায়।

15চোৱা তেওঁ জলসমুহক আটক কৰে, তাতে সেইবোৰ শুকাই যায়; আকৌ সেইবোৰক উলিয়াই দিয়ে, তাতে সেইবোৰে পৃথিবীখন লণ্ডভণ্ড কৰে।

16পৰাক্ৰম আৰু বুদ্ধি-কৌশল তেওঁৰ তাত্হে; প্ৰবঞ্চক আৰু প্ৰবঞ্চিত লোক সেই দুয়ো তেওঁৰহে।

17তেওঁ মন্ত্ৰীবিলাকক সৰ্ব্বস্বহীন কৰি লৈ যায়, আৰু বিচাৰকৰ্ত্তাবিলাকক হতবুদ্ধি কৰে।

18তেওঁ ৰজাবিলাকৰ ক্ষমতা গুচায়, আৰু তেওঁবিলাকৰ ককালত ডোল লগায়।

19তেওঁ পুৰোহিতবিলাকক সৰ্ব্বস্বহীন কৰি লৈ যায়, আৰু পৰাক্ৰমীবিলাকক বিনষ্ট কৰে।

20তেওঁ বিশ্বাসীবিলাকৰ বাক-শক্তি দূৰ কৰে, আৰু বৃদ্ধবিলাকৰ বিবেচনা-শক্তি কাঢ়ি নিয়ে।

21তেওঁ ডাঙৰীয়াবিলাকৰ ওপৰত অপমান বৰষায়, আৰু বলৱন্তবিলাকৰ ককালৰ বাদ্ধ ঢিলা কৰে।

22তেওঁ আন্ধৰৰ পৰা নিগূৰ বিষয়বোৰ প্ৰকাশ কৰে, আৰু মৃত্যুচ্ছায়াকো পোহৰলৈ আনে।

23তেওঁ জাতিবিলাকক উন্নতিপ্ৰাপ্ত কৰে, আৰু বিনষ্টও কৰে; তেওঁ জাতিবিলাকক বিস্তাৰিত কৰে, আৰু লৈয়ো যায়।

24তেওঁ পৃথিবীৰ লোকবিলাকৰ মুখ্যসকলৰ বুদ্ধি দূৰ কৰে, আৰু পথ নোহোৱা অৰণ্যৰ মাজেদি তেওঁবিলাকক ভ্ৰমণ কৰায়।

25তেওঁবিলাকে পোহৰ নাপাই আন্ধাৰৰ মাজত খপিয়াই ফুৰে; তেওঁ তেওঁবিলাকক মতলীয়াৰ নিচিনাকৈ ঢলংপলং কৰি ফুৰায়।



 <<  Job 12 >> 


Bible2india.com
© 2010-2024
Help
Single Panel

Laporan Masalah/Saran