Bible 2 India Mobile
[VER] : [ASSAMESE]     [PL]  [PB] 
 <<  1 Thessalonians 3 >> 

1গতিকে আমি যেতিয়া ধৈর্য ধৰিব নোৱাৰিলো, তেতিয়া আথিনী নগৰত অকলে থাকিবলৈকে মনস্থ কৰিলোঁ।

2সেয়েহে, আপোনালোকক বিশ্বাসত দৃঢ় কৰিবলৈ আৰু আশ্বাস দিবলৈ আমি খ্ৰীষ্টৰ শুভবার্তাত ঈশ্বৰৰ পৰিচাৰক আমাৰ যি ভাই তীমথিয়, তেওঁক আপোনালোকৰ ওচৰলৈ পঠাইছিলো,

3যাতে এনেবোৰ ক্লেশৰ মাজত আপোনালোক কোনোৱে হতাশ নহয়। কাৰণ আপোনালোকে জানে যে ক্লেশৰ কাৰণেই আমি নিযুক্ত হৈছো।

4সেই বিষয়ে আমি আপোনালোকৰ লগত থাকোতেই ক্লেশ যে আমাৰ ওপৰত আহিব সেই কথা আগেয়ে কৈছিলোঁ। পাছত সেইদৰে ঘটিল, সেই বিষয়ে আপোনালোকে জানে।

5সেই বিষয়ে ময়ো পুনৰ সহিব নোৱাৰি, আপোনালোকৰ বিশ্বাসৰ স্হিতি জানিবৰ কাৰণে তেওঁক পঠিয়াইছিলো। আমাৰ ভয় হৈছিল, হয়তো চয়তানে আপোনালোকক পৰীক্ষাত পেলালে আৰু আমাৰ সকলো পৰিশ্ৰম ব্যৰ্থ হ’ল।

6কিন্তু তীমথিয়ই আপোনালোকৰ ওচৰৰ পৰা ঘূৰি আহি আপোনালোকৰ বিশ্বাস আৰু ভালপোৱাৰ শুভ সংবাদ আমাক দিলেহি; তেওঁ জনালে যে, আপোনালোকে আমাক প্ৰেম ভাৱেৰে সকলো সময়তে সোৱঁৰণ কৰি আছে৷ আমাক দেখা পাবলৈ যেনেকৈ আপোনালোকে ইচ্ছা কৰে তেনেকৈ আমিও আপোনালোকক চাবৰ কাৰণে অতিশয় হাবিয়াহ কৰি আছোঁ।

7এই কাৰণে ভাই সকল, আপোনালোকৰ বিশ্বাসৰ যোগেদি আমাৰ সকলো দুখ ক্লেশতো আমি সান্ত্বনা পাওঁ।

8কিয়নো আপোনালোক প্ৰভুত থিৰে থকাৰ বাবে আমি এতিয়া জীয়াই আছোঁ।

9আপোনালোকৰ কাৰণে ঈশ্বৰৰ সাক্ষাতে আমি যি আনন্দেৰে আনন্দিত হৈছোঁ, তাৰ প্ৰতিদান স্বৰূপে কেনেকৈ যে আপোনালোকৰ কাৰণে ঈশ্বৰক ধন্যবাদ দিব পাৰিম, আমি নাজানো!

10আপোনালোকৰ মুখ আমি যেন দেখা পাওঁ আৰু আপোনালোকৰ বিশ্বাসত যি অভাৱ আছে, সেয়া যেন পূৰণ কৰিব পাৰোঁ, এই বাবে দিনে-ৰাতিয়ে অতিকৈ প্ৰাৰ্থনা কৰি আছোঁ৷

11পিতৃ ঈশ্বৰ আৰু প্ৰভু যীচুৱে আপোনালোকৰ ওচৰলৈ যোৱাৰ পথ সুগম কৰি দিয়ক।

12আপোনালোকলৈ আমাৰ প্ৰেম যেনে, তেনেকৈ ইজনে সিজনলৈ আৰু সকলো লোকলৈ প্ৰভুৱে আপোনালোকৰ প্ৰেম বঢ়াই উপচাই দিয়ক।

13ঈশ্বৰে আপোনালোকৰ হৃদয় দৃঢ় কৰিব। আমাৰ প্ৰভু যীচু যেতিয়া তেওঁৰ সকলো পবিত্ৰ লোকে সৈতে আহিব, তেতিয়া তেওঁৰ সেই আগমণৰ কালত আমাৰ পিতৃ ঈশ্বৰ আৰু প্ৰভু যীচুৰ আগত আপোনালোক যেন পবিত্ৰতাৰে নির্দোষী হৈ থিয় হ’ব পাৰিব, তাৰ বাবেই আমি প্ৰাৰ্থনা কৰি আছোঁ।



 <<  1 Thessalonians 3 >> 


Bible2india.com
© 2010-2024
Help
Single Panel

Laporan Masalah/Saran